কাৰ্বি আংলঙত NSCKAৰ ৬ কেডাৰক গ্ৰেপ্তাৰ, সংঘৰ্ষত আহত এজন

125

কাৰ্বি আংলং জিলাত বুধবাৰে আৰক্ষীৰ সৈতে সংঘৰ্ষত এক নতুন বিদ্ৰোহী সংগঠন, নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ কাৰ্বি আংলংৰ কমেও ৬ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ সৈতে হোৱা গুলীচালনাৰ সময়ত আহত হৈছে পবিত্ৰ টেৰন নামৰ এজন কেডাৰ।

টুইটাৰত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে লিখিছে, “কাৰ্বি আংলঙৰ সাতজন ল’ৰাই একেলগে মিলি তিনিটা পিষ্টল ক্ৰয় কৰে কাৰ্বি আংলঙৰ নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল নামৰ এটা নতুন সংগঠন আৰম্ভ কৰে। ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত আহত হৈছে মূল অভিযুক্ত পবিত্ৰ টেৰন। উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। গ্ৰুপ নিষ্ক্ৰিয় কৰা হৈছে।”

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ পৰা সজীৱ গুলীসহ তিনিটা পিষ্টল জব্দ কৰা হৈছে। অভিযান বৰ্তমানো অব্যাহত আছে।
ইফালে, সংযোগ উন্মোচনৰ বাবে অধিক তদন্ত চলি আছে।