ৰাজ্যত পুনৰ শিশু নিৰ্যাতন ঘটনা। কাৰ্বি আংলং জিলাত এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন ৫৪ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে।
হৰিন্দ্ৰ ৰাম নামৰ অভিযুক্তজনে ৫ বছৰীয়া শিশুটিক চকলেট দিয়াৰ প্ৰলোভনেৰে ওচৰৰ কুঁহিয়াৰৰ পথাৰৰ ফুচুলাই লৈ যায় আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ মাইলু অঞ্চলত দেওবাৰে সংঘটিত এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
পিছত, শিশুটিয়ে মাকক ঘটনাটোৰ বিষয়ে বিবৰি কোৱাত মাতৃ আৰু পৰিয়ালৰ মুখ বন্ধ কৰিবলৈ পাষণ্ডজনে উৎকোচ প্ৰদানৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপন হৈছে।
ইতিমধ্যে শিশুটিৰ মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। অৱশ্যে অভিযুক্ত হৰিন্দ্ৰ ৰামক কৰায়ত্ব কৰাৰ পূৰ্বেই পলায়ন কৰে পাষণ্ডজনে।
প্ৰতিবেদন অনুসৰি, অভিযুক্ত এজন অভ্যাসগত অপৰাধী আৰু অতীতত আন কন্যা শিশুকো উৎপীড়ন চলোৱাৰ অভিযোগ আছে।
