কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চাহ বাগিচাত বুধবাৰে নিশা অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় ককা-নাতিয়ে। নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে নিশা বিনামু পাণিকা নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ড। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে ঘৰটো। অগ্নিকাণ্ডৰ সময়ত ঘৰত ভিতৰত থকা বিনামু পাণিকা আৰু পাঁচ বছৰীয়া নাতিয়েক দ্বীপ পাণিকা ঘৰৰ পৰা ওলাই আহিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে। ইফালে অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ তুলি ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
