কাৰ্বি আংলঙত গাড়ীৰ ইঞ্জিনত লুকুৱাই অনা প্ৰায় ৬ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

100

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে আজি চলোৱা এক অভিযানত এখন বাহনৰ ইঞ্জিনত লুকুৱাই অনা প্ৰায় ৬ কোটি টকা মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গোপন খবৰৰ ভিত্তিত প্ৰায় ৫.৩০ বজাত ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়া, সহকাৰী উপ-পৰিদৰ্শক জিতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক বিশেষ তালাচী অভিযান চলায়।

অভিযানত আৰক্ষীৰ দলটোৱে ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১-ইটি-০৯১০ নম্বৰৰ এখন টাটা ছাফাৰী গাড়ীত তালাচী চলাই সত্তৰটা চাবোনৰ বাকচত মুঠ ৭৭৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ড্ৰাগছসমূহ গাড়ীখনৰ ইঞ্জিনৰ কেবিনৰ এক গোপন কক্ষত লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো মণিপুৰ ৰাজ্যৰ ইম্ফলৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত লিলং গাঁৱৰ আফটাব আলীৰ পুত্ৰ মাজিদ আলী বুলি চিনাক্ত কৰাৰ লগতে অধিক তথ্যৰ বাবে ডিলাই আৰক্ষীয়ে সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ তত্বাৱধানত জব্দকৃত ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য ৫ কোটি ৫০ লাখ বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।