কাৰ্বি আংলং জিলাত দেওবাৰে সংঘটিত দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ জন আহত হয়।
খবৰ অনুসৰি কাৰ্বি আংলঙৰ মাঞ্জাৰ লংভোকুৰ এখন পিকনিক স্পটত সংঘটিত হৈছে এই ঘটনা। তেওঁলোকে যাতায়ত কৰা গাড়ীখনৰ ব্ৰেক বিকল হোৱাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।
ঘটনাত বাহনখনত থকা এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১৪ জন লোক আহত হয়। নিহত ব্যক্তিজনৰ নাম ৰাকেশ ক্ৰু।
জানিব পৰা মতে, মৰিগাঁৱৰ পৰা আহি মাঞ্জাত পিকনিকৰ বাবে ৰাওনা হৈছিল এই দলটো।
মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা গ্ৰহণ কৰি আছে।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি বিষয়াসকলে জনায়।
