কাৰাছী বিশ্ববিদ্যালয়ৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ, নিহত ৪, আহত ১৫

67

ডিজিটেল ডেস্কঃ পাকিস্তানৰ কাৰাছীত বুধবাৰে সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত নিহত হয় কমেও ৪ জন লোক। আনহাতে এই বিস্ফোৰণত কমেও ১৫ জন আহত হোৱা বুলি জানিব পৰা গৈছে। গুলছন-এ-ইকবালৰ কাৰাছী বিশ্ববিদ্যালয়ৰ মস্কান গেটৰ বিপৰীত দিশত থকা এটা চাৰি মহলীয়া অট্টালিকাত এই বিস্ফোৰণ সংঘটিত হয়।

অৱশ্যে এই বিস্ফোৰণ কিদৰে সংঘটিত হয় সেয়া এতিয়া জানিব পৰা হোৱা নাই যদিও একাংশই এয়া চিলিণ্ডাৰ বিস্ফোৰণ বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনহাতে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।