কাৰাগাৰৰ ভিতৰৰ পৰা অসম বাসীলৈ মুকলি পত্ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বন্দী জীৱনৰ বহু নিৰ্ঘাত সত্য পত্ৰযোগে প্ৰকাশ কৰিলে অখিল গগৈয়ে। তিনি পৃষ্ঠাৰ এই পত্ৰত আছে অখিল গগৈৰ বন্দী জীৱনৰ বহু কথা। কিদৰে তেওঁক প্ৰলোভন দিয়া হৈছিল কাৰাগাৰৰ ভিতৰত সেই কথাও অখিল গগৈয়ে লিখিছে পত্ৰত, কাৰাগাৰৰ ভিতৰত তেওঁক দিয়া যন্ত্ৰণা। কিহৰ বাবে কাৰাগাৰৰ ভিতৰত আজিও তেওঁ থাকিবলগা হৈছে, এই সকলোবোৰ লিখিছে অখিল গগৈয়ে।



