কাশ্মীৰৰ পৰা সন্ধানহীন ভাৰতীয় সেনাৰ জোৱান! অপহৰণৰ সন্দেহ

257

ছুটী লৈ ঘৰলৈ উভতি অহাৰ পিছতে সন্ধানহীন হৈ পৰে ভাৰতীয় সেনাৰ এজন জোৱান। কাশ্মীৰৰ কুলগামৰ বাসিন্দা জোৱানজন শনিবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই পৰিয়ালত হাহাকাৰৰ সৃষ্টি কৰিছে। জাভেদ আহমদ ৱানীয়ে শনিবাৰে নিশা প্ৰায় ৮:৩০ বজাত নিজ গাঁৱৰ সমীপৰ এখন বজাৰলৈ গৈছিল কিছু ঘৰুৱা সামগ্ৰী কিনিবলৈ। তাৰ পৰাই তেওঁ নিখোজ হৈ পৰে।

সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুদিন পূৰ্বে জোৱান জাভেদ আহমেদ ৱানী ঘৰলৈ উভতি আহিছিল। তেওঁ লাডাখৰ লেহত কৰ্মৰত আছিল। তেওঁৰ ঘৰ কাশ্মীৰৰ কুলগামত। পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে নিশা জাভেদে এখন গাড়ী লৈ চোৱালগামলৈ গৈছিল কিছু বস্তু কিনিবলৈ। ৰাতি ঘূৰি নহাত পৰিয়ালৰ লোকে আৰক্ষী আৰু সেনা বিষয়াৰ সৈতে যোগাযোগ কৰে। লগে লগে আৰম্ভ হয় অনুসন্ধান অভিযান।

কিন্তু জাভেদক এতিয়াও বিচাৰি পোৱা নাই। উদ্ধাৰ কৰা হৈছে তেওঁৰ গাড়ী। জাভেদক বিচাৰি থকা অৱস্থাত পৰনহল নামৰ এখন গাঁৱত উদ্ধাৰ হয় গাড়ীখন। জানিব পৰা মতে গাড়ীখনৰ সমীপতে জোৱানজনৰ জোতাও উদ্ধাৰ কৰা হৈছে। জাভেদৰ গাড়ীত তেজৰ দাগ থকাৰ দাবী কৰিছে পৰিয়ালটোৱে। প্ৰথম অৱস্থাত তেওঁলোকে ভাবে যে জাভেদক অপহৰণ কৰা হৈছে।