কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযানত পাকিস্তানীসহ সহ নিহত ২ সন্ত্ৰাসবাদী

122

কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলি আছে ভূস্বৰ্গ কাশ্মীৰত। প্ৰশ্ন হয়, নব্বৈৰ দশকৰ সেই ভয়ানক দিনবোৰ আকৌ ঘূৰি আহিছে নেকি? এনে অৱস্থাত উগ্ৰপন্থীৰ কঁকাল ভাঙিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী। মঙলবাৰে পুৱা আৰম্ভ হোৱা এই এনকাউণ্টাৰত এজন পাকিস্তানী উগ্ৰপন্থীকে ধৰি দুজন উগ্ৰপন্থী নিহত হয়।

জম্মু-কাশ্মীৰ আৰক্ষীৰ আই জি পি বিজয় কুমাৰে জনোৱা মতে, আজি পুৱা কুপোৱাৰা জিলাৰ চক্তৰাছ কান্দি অঞ্চলত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ ওপৰত গুলীচালনা কৰে। সেনা, অৰ্ধসামৰিক আৰু আৰক্ষীৰ যৌথ বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় জেহাদী। চমু যুদ্ধৰ অন্তত টুফাইল নামৰ এজন পাকিস্তানী সন্ত্ৰাসবাদীকে ধৰি দুজন সন্ত্ৰাসবাদী নিহত হয়। নিহত পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য। শেহতীয়া তথ্য অনুসৰি সেনাই সমগ্ৰ অঞ্চলটো চৌদিশে অভিযান চলাইছে।

বিগত এমাহত সেনাই কমেও ১০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছে। কিন্তু সন্ত্ৰাসবাদীয়ে এতিয়াও উপত্যকাটোত অমুছলমান বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি লৈছে। মাত্ৰ এমাহতে সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন শিক্ষকসহ দুজন কাশ্মীৰী পণ্ডিত নিহত হয়। এনে অৱস্থাত শেহতীয়াকৈ ৰাজহুৱা কৰা হৈছে কাশ্মীৰী পণ্ডিত শিক্ষকৰ বদলিৰ তালিকা। এজন শিক্ষক ক’ত বদলি কৰা হ’ব তাৰ সবিশেষ এই তালিকাত দিয়া হৈছিল। এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিবলৈ সেনাই অহৰহ অভিযান চলাই আছে। আজিৰ দিনটোতে পাকিস্তানী উগ্ৰপন্থীক নিৰ্মূল কৰি কাশ্মীৰী পণ্ডিত হত্যাকাৰীক প্ৰতিশোধৰ বাৰ্তা প্ৰদান কৰিছে সেনাই। বিগত সময়ত উপত্যকাত ইজনৰ পিছত সিজনকৈ জেহাদী সেনাধ্যক্ষক হত্যা কৰা হৈছিল। লস্কৰ-ই-তৈবাৰ কুখ্যাত উগ্ৰপন্থী নদীম আব্ৰাৰক যোৱা জুন মাহত শ্ৰীনগৰলৈ বিতাড়িত কৰা হৈছিল। এইবাৰো সেই আক্রমণাত্মক পথত বাহিনীবোৰ খোজ কাঢ়িছে৷