কালীপুৰত অজগৰ সাপ উদ্ধাৰ

64

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত কালীপুৰত দুদিনত নিশাৰ ভাগত অজগৰ উদ্ধাৰ হোৱা ঘটনাই বাসিন্দা সকলক শংকিত কৰিছে । বন বিভাগৰ ফঁটাশিল খণ্ড বন বিষয়া জ্যোতিষ কলিতাই জানিবলৈ দিয়া মতে ১১ অক্টোবৰৰ নিশা ১০ মান বজাত কালীপুৰত এঘৰত ঘৰৰ চিলিং ভাগি এডাল প্ৰকাণ্ড অজগৰ সাপ মজিয়াত পৰি যোৱাত হুৱাদুৱাৰ সৃষ্টি হয় ।

পাছত ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই খবৰ দিয়াত নিশা বনকৰ্মীৰ দল গৈ অজগৰডাল অক্ষত অৱস্থাত উদ্ধাৰ কৰা হয় ।অজগৰডাল পোৱাৰ দীপৰ বিলত এৰি দিয়া হয়। তেনেদৰে ১২ অক্টোবৰৰ নিশা ১১ মান বজাত তাৰ ওচৰত এঘৰৰ দেৱালত আন এডাল প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰাত পুনৰ অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়।

ভৰলুমুখ থানাত দিয়া খবৰৰ ভিত্তিত ফঁটাশিল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল গৈ মাজনিশা অজগৰডাল উদ্ধাৰ কৰি আনি।প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ আৰু ১৫ কেজি ওজনৰ অজগৰডাল আজি পুৱা আমচাং অভয়াৰণ্যত এৰি দিয়া হয়। দুদিনত নিশাৰ ভাগত দুডাল অজগৰ উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোত আৰু অজগৰ সাপ থাকিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।