কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত – মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত সামগ্ৰী বিতৰণ

86

ষ্টাফৰিপৰ্টাৰ, কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত তিনিসপ্তাহ ধৰি একেৰাহে গুৱাহাটী মহানগৰীত প্ৰযোজ্য হৈআছে লকডাউন ৷ যাৰ ফলস্বৰূপে এচাম শ্ৰমজীৱী মানুহে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে ৷ একাংশ দুখীয়া পৰিয়ালে খাদ্যসামগ্ৰীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সেইবাবেই মহানগৰীৰ বিভিন্ন অঞ্চলত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা দুখীয়া পৰিয়ালৰ মাজত সামগ্ৰী যোগান ধৰে ৷ শনিবাৰে কামৰূপ জিলা প্ৰশসনৰ উদ্যোগত আৰু মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সহযোগত ৰূপনগৰ, জোনাকপুৰ, বিৰুবাৰী চোলাপাৰ অঞ্চলত প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় ৷ মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰন সম্পাদক ৰাজীব দাস, কাৰ্য্যকৰী সভাপতি দেৱশিষ সেনগুপ্ত, যুৱ ব্যৱসায়ী বিজয় ৰাজবংশীৰ উপস্থিতিত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে বিশেষ সহযোগিতা আগবঢ়ায় ৷ উল্লেখ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত মিঠুন নাথ, উপেন দাস, দীপক ডেকাই সামগ্ৰী কঢ়িয়াই অনাত যথেষ্ট সহযোগ কৰে ৷