কামৰূপ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উদ্যাপন

72

আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ৰ সভাপতিত্বত আয়োজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এই বাণী সন্দৰ্ভত মূল বক্তব্য প্ৰদান কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মানস প্ৰতীম বৰুৱাই৷ ভাষণ প্ৰসংগত শ্ৰীবৰুৱাই নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈ এই বাসত্তৰ বছৰীয়া পৰিক্ৰমাৰ বিষয়ে বিশদভাৱে অৱলোকন কৰে৷ তেওঁ কয় যে¸ মুখ্য নিৰ্বাচন আয়ুক্ত টি এন চেছানৰ কাৰ্যকালত ভাৰতৰ নিৰ্বাচন আয়োগে জনমানসত বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেওঁ লগতে কয় যে দেশৰ যুৱ প্ৰজন্মই সন্মিলিত প্ৰচেষ্টাৰে আৰু সঠিক দিশেৰে আগবাঢ়ি আহিলে যিকোনো ক্ষেত্ৰতে ভবা ধৰণে ৰূপান্তৰ ঘটাবলৈ সক্ষম হ’ব৷ সেয়ে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নত অৰিহনা যোগাবৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আহ্বান জনায়৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’য়ে কয় যে নিৰ্বাচন স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ এই সম্পৰ্কে সজাগ কৰাৰ বাবেই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়৷ তেওঁ আৰু কয় যে নাগৰিক হিচাপে অধিকাৰ সাব্যস্ত কৰাৰ লগে লগে কৰ্তব্য পালনতো সকলোৱে গুৰুত্ব দিব লাগে৷ ভোটদানৰ দৰে দেশৰ সামগ্ৰিক উন্নয়নৰ গতিধাৰা নিৰ্দ্ধাৰণ কৰিব পৰা অধিকাৰ তথা সুনাগৰিকৰ কৰ্তব্য পালন কৰাৰ বাবেও বিশেষভাৱে যুৱ প্ৰজন্মৰ প্ৰতি তেওঁ আহ্বান জনায়৷

অনুষ্ঠানত ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতা আৰু ফুটবল প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ এই সভাতে জিলাখনৰ শ্ৰেষ্ঠ বি এল অ’ দুগৰাকীক বিশেষভাৱে সম্বদ্ধৰ্না জনোৱা হয়৷ আনহাতে জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা মনোনীত কৰা নিৰ্বাচনী এম্বেচাদৰসকলক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আগবঢ়োৱা বিশেষ বেজ প্ৰদান কৰা হয়৷ তদুপৰি অনুষ্ঠানত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা দুগৰাকী ভোটাৰক ফটোযুক্ত ভোটাৰ পৰিচয়পত্ৰ প্ৰদান কৰা হয়৷  

আজিৰ এই দিৱসৰ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়ামঞ্জু ৰাণী ডেকাকে ধৰি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক  আৰু নতুন ভোটাৰসকল উপস্থিত থাকে৷