গুৱাহাটীৰ কামাখ্যা গেটত নীলাচল উৰণীয়া সেতু মুকলি হোৱাৰ মাত্ৰ এমাহৰ পাছতেই আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় এখন ট্ৰাকে চাৰিখন মটৰ চাইকেল আৰু এখন বাছত খুন্দা মৰাৰ ফলত এজনৰ থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।
সূত্ৰ অনুসৰি এখন ট্ৰাকে চাৰিখন মটৰ চাইকেল আৰু এখন চিটি বাছৰ সৈতে সংঘৰ্ষত থিতাতে এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ফ্লাই অভাৰত ভৰালুমুখ ফালৰ ফালে গৈ থকা ট্ৰাকখনে আন বাহনত খুন্দা মাৰে।
মৃত লোকজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। মটৰ চাইকেল আৰোহী আৰু বাছ যাত্ৰীকে ধৰি অসংখ্য ব্যক্তি আহত হয়।
দুৰ্ঘটনাটোত ডিভাইডাৰ, ৰেলিং, বিদ্যুতৰ খুঁটা আদিৰ যথেষ্ট ক্ষতিসাধন হয়। গুৱাহাটী পৌৰ নিগমৰ আৱৰ্জনা সংগ্ৰহৰ গাড়ীত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এমাহ পূৰ্বে উৰণীয়া সেঁতুখনত একেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল।