কামাখ্যাত মানৱ বলিৰ অভিযোগত ৩ জনক গ্ৰেপ্তাৰ…

108

গুৱাহাটীৰ কামাখ্যা মন্দিৰত ২০১৯ চনৰ অম্বুবাচী মেলাত সংঘটিত হোৱা মানৱ বলিদান কাণ্ডৰ সৈতে জড়িত তিনিজনক দেওবাৰে গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে।

সূত্ৰৰ পৰা জানিব পৰা মতে, নীলাচল পাহাৰৰ দুৰ্গা মন্দিৰৰ সমীপত এগৰাকী আদবয়সীয়া মহিলাৰ মূৰহীন মৃতদেহ উদ্ধাৰ হোৱাত মানৱ বলিদানৰ অপৰাধত কমেও চাৰিজন লোক জড়িত আছিল।

অৱশ্যে ইয়াৰে মাত্ৰ তিনিজনকহে আটক কৰা হয়। অন্য স্থানত মহিলাগৰাকীক হত্যা কৰি, তেওঁৰ মূৰ কাটি পেলোৱা মৃতদেহ কামাখ্যাৰ জয় দুৰ্গা মন্দিৰত পেলাই দিয়া হয়।

২০১৯ চনত এই ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীৰ কোনো ধাৰণা নাছিল কোন দায়ী। আজি চাৰি বছৰৰ পাছত অভিযুক্তসকলৰ ভিতৰত তিনিজনক ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ্ কৰে।

খবৰ অনুসৰি, অভিযুক্তক অজ্ঞাত স্থানত সোধা-পোছা কৰা হৈছে৷

অম্বুবাচী মেলাৰ পূৰ্বে ২০১৯ চনৰ ১৯ জুনত দুৰ্গা মন্দিৰৰ সমীপত এগৰাকী আদবয়সীয়া মহিলাৰ মূৰহীন মৃতদেহ উদ্ধাৰ কৰা হয়।

সেই সময়ত আৰক্ষী বিষয়াসকলে উল্লেখ কৰিছিল যে মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।