কামপুৰ কচুৱাত CBIৰ কনিষ্টবলক আটক। ধন দাবী কৰি আটক শিৱসাগৰ ডিমৌৰ অনন্ত ভড়ালী। আব্দুল মালেক নামৰ ব্যৱসায়ীজনক দাবী কৰিছিল ধন। মালেক সন্দৰ্ভত এসময়ত প্ৰকাশ পাইছিল এটা বাতৰি। বাতৰিটোৰ পৰাই ব্যৱসায়ীজনৰ বিষয়ে অনন্ত ভৰালীয়ে সংগ্ৰহ কৰিছিল সকলো তথ্য। এটা গোচৰত অভিযুক্ত আছিল মালেক। গোচৰটোৰ পৰা মুক্ত কৰাৰ নামত অনন্ত ভৰালীয়ে দাবী কৰে ১০ হাজাৰ টকা। সমগ্ৰ ঘটনা কচুৱা আৰক্ষীক অৱগত কৰিছিল ব্যৱসায়ীজনে। ইয়াৰ পাছতে আৰক্ষীয়ে আটক কৰে CBIৰ কনিষ্টবলজনক। উল্লেখ্য, এমাহৰ বাবে ছুটী লৈ ঘৰলৈ আহিছিল কনিষ্টবল অনন্ত ভড়ালী।
