কামপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক আটক

221

অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আন এক দমন কাৰ্যসূচীত কামপুৰ আৰক্ষীয়ে ৫০ লাখ টকাৰ অবৈধ হেৰ’ইন জব্দ কৰে। অসমৰ নগাঁও জিলাৰ কামপুৰত তিনিজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।

কামপুৰৰ কাকতি গাওঁত আব্দুল চালাম, হানিফ আলী, আমজাত আলী নামৰ চোৰাং ব্যৱসায়ীক আটক কৰে।

খবৰ অনুসৰি আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ হাতত থকা ২০টা চাবোনৰ বাকচত কঢ়িয়াই অনা ২৭৭ গ্ৰাম হেৰ’ইন জব্দ কৰে।

তদুপৰি তিনিওজনৰ পৰা এখন মটৰ চাইকেল আৰু এখন স্কুটিও জব্দ কৰা হয়।

সূত্ৰই জনোৱা মতে, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তিনিটা ৰাউণ্ড গুলী চলাবলগীয়া হৈছিল।