কামপুৰত বন্যহস্তীৰ আতংক…

76

বন্যহস্তীৰ আতংকত দিন নিয়াইছে কামপুৰবাসীয়ে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে প্ৰায়ে কামপুৰৰ বিভিন্ন প্ৰান্তত কৃষিভূমি, ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰে। বনৰীয়া হাতীৰ আক্ৰমণত কামপুৰত বহু কেইজনৰ প্ৰাণ নাশো হৈছে।

সোমবাৰে নিশা পুনৰ কামপুৰৰ জুৰিপাৰত সন্ত্ৰাস চলায় বন্যহস্তীয়ে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহিছিল এটা হাতীৰ জাক। হাতীৰ জাকটোৱে জুৰিপাৰৰ সুৰুজ আলিৰ দুটা ঘৰ ভাঙি পেলোৱাৰ লগতে ভড়ালৰ ধান খাই তহিলং কৰে। বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী।