কামপুৰত নিচাযুক্ত দ্ৰব্যসহ গ্ৰেপ্তাৰ ২জন

55

নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধৰমুখত আৰক্ষীয়ে অভিযান চলাই দুজন লোকসহ নিষিদ্ধ ঘোষিত নিচাযুক্ত ঔষধ জব্দ কৰিবলৈ সক্ষম হয়৷ নিশা কামপুৰৰ ধৰমুখৰ বাঁহবাৰীত অভিযান চলাই ৯০ বটল কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম আৰক্ষীয়ে। আৰক্ষীয়ে আশ্ৰৱ আলী, ইমৰান হুছেইন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে বুলি জানিব পৰা যায়৷