কাপোৰ কাৰখানাত গেছ লিকৰ ফলত অসুস্থ শতাধিক লোক…

232

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ সমীপৰ এটা বস্ত্ৰ কাৰখানাত গেছ লিক হোৱাৰ ফলত অসুস্থ হৈ পৰে শতাধিক লোক। আনাকাপালে জিলাৰ ব্ৰেণ্ডিক্স নামৰ বিশেষ অৰ্থনৈতিক মণ্ডলৰ কাপোৰৰ কাৰখানাটোৰ ১২১ জনতকৈ অধিক শ্ৰমিক গেছ লিক হোৱাৰ ফলত অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে।

অচুঠাপুৰম জিলাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰোগীকেইজন। গেছ নিৰ্গত হোৱাৰ পিছতে প্ৰশাসনে বন্ধ কৰি দিছে কাৰখানাটো। অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী জি অমৰনাথে বিভিন্ন চিকিৎসালয়ত আক্ৰান্ত ১২১ গৰাকী শ্ৰমিকৰ চিকিৎসাৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে যোৱা ২ বছৰত দ্বিতীয়বাৰৰ বাবে এই বিশেষ অৰ্থনৈতিক অঞ্চলত গেছ লিক হৈছে। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাক অমৰনাথে কয় যে এই ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰা হ’ব।

সংবাদ সংস্থাটোৱে লগতে প্ৰকাশ কৰিছে যে মঙলবাৰে বীজ বস্ত্ৰ কাৰখানাটোত কৰ্মৰত অৱস্থাত হঠাতে শ্ৰমিকসকলে অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। উশাহ লোৱাত কষ্ট পোৱাৰ লগতে তেওঁলোকৰ বমি আৰু মূৰ ঘূৰোৱাও আৰম্ভ হয়। তেতিয়াই গেছ লিক হোৱাৰ বিষয়টো কাৰখানা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছিল। ততাতৈয়াকৈ অসুস্থ শ্ৰমিক কেইজনক চিকিৎসাৰ বাবে জিলাখনৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু এই ঘটনাত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ৪০০ শ্ৰমিক শ্বিফটত আছিল, ইয়াৰে অধিকাংশই আছিল মহিলা।

ইফালে, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বায়ুৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজি, ছেকেণ্ডাবাদলৈ প্ৰেৰণ কৰা হয়। প্ৰাথমিক প্ৰতিবেদন অনুসৰি বিষাক্ত গেছৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

চলিত বৰ্ষৰ জুন মাহত অচুঠাপুৰম জিলাৰ এটা পৰীক্ষাগাৰত গেছ নিৰ্গত হৈছিল। এই ঘটনাত অসুস্থ হৈ পৰে ১৭৮ গৰাকী মহিলা শ্ৰমিক। এই ঘটনাৰ পিছতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে গেছ নিৰ্গত হোৱাৰ কাৰণ বিচাৰি উলিয়াবলৈ এখন যুটীয়া সমিতি গঠন কৰে। লেবৰেটৰীৰ এয়াৰ কণ্ডিচনাৰ ইউনিটৰ পাইপ লিক হোৱাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। পিছত অন্ধ্ৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এই পৰীক্ষাগাৰটো বন্ধ কৰি দিয়ে।

ইফালে গেছ লিক হোৱাৰ বাবে কাৰখানাটোৰ গাতে লাগি থকা অঞ্চলটোত আতংক বিয়পি পৰিছে। ১৯৮৪ চনত ভোপাল গেছ দুৰ্ঘটনাৰ আশংকা জগাই তুলিছিল। ইউনিয়ন কাৰ্বাইড লিমিটেডৰ (আইচিএল) কীটনাশক উদ্যোগৰ পৰা মিথাইল আইছ’চাইনেট গেছ নিৰ্গত হোৱাৰ ফলত ১৫ হাজাৰতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল। ৫ লাখতকৈ অধিক লোকৰ জীৱন ক্ষতিগ্ৰস্ত হয়।