কান্দি কান্দি দুটি সন্তানৰ মাতৃলৈ আহ্বান

131

কান্দি কান্দি ক’লে মা তুমি ঘুৰি আহা।দুটি সন্তানৰ মাতৃ ৰুমি চেট্টী যোৱা দেওবাৰে ঘৰৰ পৰা ওলাই গৈ আজিলৈকে নিৰুদ্দেশ হৈ থকাত কুশল কোঁৱৰ ইনদ’ৰ ষ্টেডিয়ামৰ কৰ্মচাৰী প্ৰদীপ চেট্টীয়ে যোৰহাট আৰক্ষীক এজাহাৰ দিয়া পাছতো একো উল্লেখনীয় প্ৰদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে।মহিলা‌ গৰাকীৰ স্বামীয়ে অভিযোগ কৰা মতে তেওঁলোকৰ দোকানত আহি সদায় বহি থকা যোৰহাট মালৌআলিৰ কৃষ্ণ নগৰৰ এটা সন্তানৰ পিতৃ ৰাকেশ জ্যোতি বৰাই তেওঁৰ পত্নী ৰুমি চেট্টীক পলুৱাই লৈ যায়।আনহাতে শাৰীৰিক অসুস্থতাত ভূগি থকা প্ৰদীপ চেট্টীয়ে সৰু সৰু দুটি সন্তানক লৈ সমস্যাত পৰাৰ‌ লগতে পত্নীক দুই সন্তানৰ মুখলৈ চাই পুনৰ ঘুৰি আহিবলৈ অনুৰোধ জনাইছে