কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সন্ধানহীন বনকৰ্মী…

84

কৰ্মৰত কাৰ্য্যালয়ৰ পৰা সন্ধানহীন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন বনকৰ্মী। বনকৰ্মী জনৰ নাম দয়াময় কৈৱৰ্ত। যোৱা ২০ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে বনকৰ্মীজন।

সন্ধানহীন বনকৰ্মী জনক বিচাৰি এতিয়া হাবাথুৰি খাব লগীয়া হৈছে কঁহৰা বনাঞ্চলত কৰ্মৰত এ এফ পি এফ বেটেলিয়ন। ইতিমধ্যে পৰিয়ালৰ লোকে কঁহৰা আৰক্ষী চকীত দয়াময় কৈৱৰ্তৰ সন্ধানহীন হৈ থকা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, কাৰ্য্যালয়ৰ পৰা চুটি লৈ নলবাৰীৰ নিজ গৃহলৈ যোৱা দয়াময় কৈৱৰ্ত নামৰ বনকৰ্মী জনে ১৯ তাৰিখে নিশা নিজ কৰ্মৰত কাৰ্য্যালয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত যোগদান কৰিছিল। নলবাৰীৰ পৰা নিজ কৰ্তব্যস্থলীলৈ অহা সময়ত বনকৰ্মী জনৰ লগত আছিল দুজন পৰিয়ালৰ লোক।

নিশা কাৰ্য্যালয়ত যোগদান কৰাৰ পাছত কাৰ্য্যালয়ত নিজা বেডিং থৈ বনকৰ্মী জনে পৰিয়ালৰ লোক কেইজনৰ সৈতে কাজিৰঙাৰ এটা অতিথিশালাত নিশা কটাইছিল। ২০ জানুৱাৰীৰ পুৱা পৰিয়ালৰ সদস্য কেইজনক নিজ গৃহলৈ পঠিয়াই দয়াময় কৈৱৰ্ত নামৰ বনকৰ্মীজন নিজ কাৰ্য্যালয়লৈ আহিছিল।

কাৰ্য্যালয়ত দুই এজন সহকৰ্মীক লগো কৰিছিল বনকৰ্মীজনে। কিন্তু উক্ত দিনা নিশা ভাগলৈ কাৰ্য্যালয়ৰ পৰা পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰা হয় যে দয়াময় কৈৱৰ্ত সন্ধানহীন হৈ আছে। বন বিভাগৰ লোকে বনকৰ্মীজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই বুলি অৱগত কৰে পৰিয়ালৰ লোকক।