ষ্টাফৰিপৰ্টাৰ, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভয়াবহ বান পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে ব্রিটিছ ৰাজকীয় দম্পতি প্রিন্স উইলিয়াম আৰু প্রিন্সেস কেট মিডলটন।ইতিমধ্যে কাজিৰঙাৰ জীৱকূলৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰি প্রিন্স উইলিয়ামে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক পি শিৱ কুমাৰলৈ এখন বিশেষ পত্ৰ লিখিছে।
পত্ৰখনত তেওঁলোকে উল্লেখ কৰিছে,”কাজিৰঙাৰ প্ৰলয়ংকাৰী বানৰ খবৰে মোক আৰু কেথেৰিনক হতাশাগ্ৰাস্ত কৰি তুলিছে।কাজিৰঙাৰ সৈতে আমাৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে। কাজিৰঙাৰ অৱস্থা দেখি আমি কষ্ট পাইছো। এশিঙীয়া গঁড়কে আদি কৰি বহু মূল্যৱান জীৱ-জন্তুৰ মৃত্যুৰ ঘটিছে; যিটো আমাৰ বাবে অসহনীয়। কেথেৰিন আৰু মই সেই সকল বনকর্মী আৰু ৰেঞ্জাৰক প্ৰশংসা কৰিছোঁ যিসকলে নিজৰ জীৱন তুচ্ছ কৰি জীৱ-জন্তু সমূহক উদ্ধাৰ কাৰ্যত ব্যস্ত হৈ আছে। অসমৰ বানত ক্ষতিগ্ৰস্ত সকলোলৈ আমি উদ্বিগ্ন।’ উল্লেখ্য ২০১৬ চনৰ এপ্ৰিল মাহত কাজিৰঙা ভ্ৰমণলৈ আহিছিল প্রিন্স উইলিয়াম আৰু প্রিন্সেস কেট মিডলটন।
