কাজিৰঙাত ৪০টা গৰুসহ ট্ৰাক জব্দ, দুজনক আটক

258

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাত দেওবাৰে অসম আৰক্ষীয়ে জব্দ কৰে এখন ট্ৰাক।

প্ৰাপ্ত তথ্য অনুসৰি ট্ৰাকখনৰ ভিতৰৰ পৰা প্ৰায় ৪০টা গৰু-ম’হ মূৰ উদ্ধাৰ কৰা হৈছে।

মহম্মদ মোবাৰক আলী আৰু অংকুৰ শইকীয়া নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

গোলাঘাটৰ দেৰগাঁৱৰ পৰা কঢ়িয়াই নিয়া গৰুভৰ্তি ট্ৰাকখন সোণাপুৰৰ পথত থকাৰ সময়তে আৰক্ষীয়ে বাধা দিয়ে বুলি সূত্ৰই জনায়।

যোৱা মাহৰ আৰম্ভণিতে ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত অসম আৰক্ষীয়ে জব্দ কৰিছিল এখন গৰু-ম’হ ভৰ্তি পিক আপ ভেন। ভেনখনৰ পৰা উদ্ধাৰ হৈছিল ১২টা গৰু।

ইয়াৰ সৈতে জড়িত তিনিজন সন্দেহযুক্ত লোকক আটক কৰা হয়।