কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাফলং শিবিৰত কৰ্তব্যৰত এজন বনৰক্ষীৰ শনিবাৰে গুলীৰ আঘাতত মৃত্যু ঘটাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰবিন শইকীয়া নামৰ বনৰক্ষী জোৱানজনে শনিবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত ৰাষ্ট্ৰীয় উদ্যানৰ বাগোৰী ৰেঞ্জৰ অধীনৰ এলেকাত আন দুজন জোৱানৰ সৈতে দায়িত্ব পালন কৰি থকা সময়তে মৃত্যুক সাৱটি লয়। ঘটনা সন্দৰ্ভত বন বিষয়াৰ এজাহাৰৰ ভিতটোত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন বিষয়াই জানিবলৈ দিয়া মতে প্ৰাথমিক তদন্তত বনৰক্ষী জোৱানজনে নিজৰ চাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। কিন্তু ঘটনাৰ তদন্তৰ পিছতহে সমগ্ৰ ৰহস্য পোহৰলৈ আহিব।
উল্লেখযোগ্য যে, মৃত বনৰক্ষী প্ৰবীণ শইকীয়াই ৩৩ বছৰৰো অধিক কাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী হিচাপে সেৱা আগবঢ়াই আহিছিল।