ফুটবলৰ কিংবদন্তী তাৰকা বাইচুং ভূটীয়াই তেওঁৰ পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৩ দিনীয়া ভ্ৰমণলৈ আহিছে।
প্ৰাক্তন ফুটবলাৰ জন আৰু তেওঁৰ পৰিয়াল ১৫ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়। তেওঁলোক আহি পোৱাৰ পিছত, পৰিয়ালটোৱে বাগৰী অৰণ্যত জীপ চাফাৰী কৰে।
১৬ মাৰ্চত, ভুটিয়া আৰু তেওঁৰ পৰিয়ালে কঁহৰা কেন্দ্ৰীয় পৰিসৰৰ মাজেৰে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰে। উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বাইচু ভূটীয়াৰ তৃতীয় ভ্ৰমণ।
ভূটীয়াৰ মতে, নুমলীগড় শোধনাগাৰ চৌহদৰ ফুটবল ষ্টেডিয়াম আৰু একাডেমী পৰিদৰ্শন কৰিবলৈ তেওঁক অসমলৈ আমন্ত্ৰণ জনোৱা হৈছিল।
ফুটবল তাৰকাগৰাকীয়ে কয়, “এইটো মোৰ কাজিৰঙালৈ তৃতীয় ভ্ৰমণ কিন্তু শিশুসকলৰ সৈতে প্ৰথমবাৰৰ বাবে। মই এই ঠাইখন ভ্ৰমণ কৰি ভাল অনুভৱ কৰো। আমি উদ্যানখনত গঁড়, হাতী আৰু বিভিন্ন চৰাই দেখিছোঁ। দুৰ্ভাগ্যবশতঃ আমি বাঘ চোৱাৰ সুযোগ নাপালো।”
অসমৰ ফুটবল পৰিস্থিতি সন্দৰ্ভত বক্তব্য ৰাখি ভূটীয়াই কয়, “অসমত ফুটবল নিশ্চিতভাৱে ক্ৰমান্বয়ে বাঢ়ি আহিছে। আইএছএলৰ দৰে প্ৰতিযোগিতাত ৰাজ্যখনৰ পৰা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱা টো ভাল। আশা কৰা হৈছে যে এই প্ৰৱণতা আৰু বৃদ্ধি পাব।”
