কাজিৰঙাত নৃশংস হত্যাকাণ্ড! পিতৃৰ কুঠাৰৰ ঘাপত মৃত্যু পুত্ৰৰ

105

এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কাজিৰঙাৰ ১নং শিলডুবিত।

পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন পুত্ৰই।

হত্যাকাণ্ড সংঘটিত কৰিয়েই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰী পিতৃৰ।

মঙলবাৰে নিশা সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো।

নিশাৰ ভাগতে ধীৰু গোৱালা নামৰ লোকজনে নিজ পুত্ৰ ঔম প্ৰকাশ গোৱালাক ঘৰতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে যদিও পুৱা পলমকৈহে স্থানীয় লোকে ঘটনাৰ সম্ভেদ লাভ কৰে।

আনহাতে পিতৃ ধীৰু গোৱালাই পুৱা কহঁৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে।

ঘৰুৱা কন্দলৰ বাবে এই কৰুণ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

অভিযুক্ত পিতৃৰ মতে দীৰ্ঘ দিন ধৰি সৰু পুত্ৰ ঔম প্ৰকাশে মদ্যপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল।

মঙলবাৰে নিশা ঔম প্ৰকাশে কোৰ, কুঠাৰ লৈ পিতৃক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল।

কিন্তু অভিযুক্ত পিতৃ ধীৰু গোৱালাই পুত্ৰৰ হাতৰ পৰা কুঠাৰখন কাঢ়ি লৈ পুত্ৰক আঘাত কৰাৰ ফলত পুত্ৰৰ মৃত্যু হয়।

সম্প্ৰতি ধীৰু গোৱালাক কহঁৰা আৰক্ষীয়ে জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।