কাজিৰঙাত এনকাউণ্টাৰ! পলায়নৰ চেষ্টা চলাই গুলিবিদ্ধ চোৰাং চিকাৰী

65

ৰাজ্যত পুনৰ সংঘটিত হল এনকাউণ্টাৰৰ ঘটনা। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গুলীবিদ্ধ হৈছে এজন চোৰাং চিকাৰী।

বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰিভ’লভাৰ কাঢ়ি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় চোৰাং চিকাৰী নবীৰ হুছেইন।

জানিব পৰা মতে, ২০ জানুৱাৰীৰ গঁড় হত্যাৰ অনুসন্ধানৰ বাবে উদ্যানৰ ভিতৰলৈ লৈ যোৱা হৈছিল চিকাৰীটোক। সেই সময়তে কহঁৰা বনাঞ্চলৰ শিলেখুন্দা বন শিৱিৰ এলেকাত নবীৰ হুছেইনে চলাইছিল পলায়নৰ চেষ্টা।

ইফালে এই ঘটনাত দিব্যজ্যোতি হাজৰিকা নামৰ এজন আৰক্ষী জোৱানো আহত হয়। চোৰাং চিকাৰী নবীৰ হুচেইন আৰু আৰক্ষী জোৱান দিব্যজ্যোতি হাজৰিকাক নিশায়েই উন্নত চিকিৎসাৰ বাবে জেএমচিএইচ লৈ প্ৰেৰণ।

উল্লেখ্য যে, চিকাৰীটোক যোৱা ২৩ জানুৱাৰীত বিশ্বনাথৰ স্বগুৰিৰ পৰা আটক কৰা হৈছিল।