কাজিৰঙাত আৰক্ষীৰ এনকাউণ্টাৰ, দাবী কৰা ধন নিবলৈ আহি আটক এজন

77

আলফাৰ নামত দাবী কৰা ধন নিবলৈ অহা দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা। কাজিৰঙা হালধিবাৰীৰ বালেশ্বৰ ধাবাৰ স্বত্বাধীকাৰীৰ পৰা ধন নিবলৈ আহি আটক হয় এজন দুৰ্বৃত্ত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা দাবী কৰা ধন নিবলৈ অহা তিনি দুৰ্বৃত্তৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে। ঘটনাৰ পিছত ৰঞ্জিত অসম নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

জানিব পৰা মতে, বালেশ্বৰ ধাবাৰ স্বত্বাধিকাৰীৰ পৰা প্ৰথমে দুৰ্বৃত্তৰ দলটোৱে আলফাৰ নামত ৫০ হাজাৰ টকা বিচাৰিছিল যদিও ১০ হাজাৰ টকা দিয়া বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ৰাজপথৰ ওপৰত এখন বাহনলৈ লক্ষ্য কৰি তিনি জাঁই গুলী কৰা বুলি প্ৰত্যক্ষ দৰ্শীয়ে প্ৰকাশ কৰিছে। অসামৰিক পোছাকত স্কৰপিঅ’ বাহনত আৰক্ষী দলটোৱে দুৰ্বৃত্তৰ বিৰুদ্ধে খাপপিতি আছিল।

ৰঞ্জিত অসম নামেৰে ধনদাবী কৰি ধন নিবলৈ আহোতে নিশাই আৰক্ষীৰ জালত পৰে। গোলাঘাটৰ SP, বোকাখাতৰ SDPO ৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি ইনভাসহ বাহনসহ আটক কৰে।

ধন দাবীৰ ঘটনাৰ লগত জড়িত আৰু আন দুজনক আজি আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা যুবক দুজন নুমলীগড়ৰৰ ভাৰ্গব তামুলী আৰু গোলাঘাটৰ মহেন্দ্ৰ শইকীয়া বুলি জানিব পৰা গৈছে। শুকুৰবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে আটক কৰে দুয়ো জনকে।