কাছাৰৰ কালাইনত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

270

কাছাৰৰ কালাইনত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ গুৱাহাটীৰ পৰা আহা ভিজেলেন্সৰ দলৰ অভিযানত জব্দ হল 180 cft চোৰাং কাঠ ৷ কালাইন বনবিভাগৰ এতিয়া ৰহস্যজনক ভূমিকা ৷

কাছাৰৰ কালাইনত এখন দোকানত অভিযান চলাই ভিজেলেন্সৰ দলে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা দলটোৱে অভিযান চলাই জব্দ কৰিলে প্ৰায় 180 CFT চোৰাং কাঠ ৷ অবশ্যে অভিযানৰ উমান পাই পলায়ন কৰে দোকানৰ গৰাকীয়ে ৷ উল্লেখ কালাইন বনবিভাগৰ সহযোগত দীৰ্ঘদিনৰ পৰা কালাইন অঞ্চলত চলি আহিছে চোৰাং কাঠৰ অবৈধ বেহা ৷ চোৰাং কাৰবাৰী সকলৰ লগত গোপন বুজাবুজিৰে কালাইন ফৰেষ্ট ৰেঞ্জৰ ৰেঞ্জাৰ পংকজ কুমাৰে চলাই আহিছে এই অবৈধ বেহা বুলি অভিযোগ ৷ আৰু দীৰ্ঘদিনৰ এই অবৈধ বেহাৰ অভিযোগৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা ভিজেলেন্সৰ দলে আজি অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷