কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কামৰূপলৈ বদলি

268

মঙলবাৰে কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি কৰি কামৰূপ গ্ৰাম্যৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে, নিজৰ কৰ্মপদ্ধতিৰে জনপ্ৰিয় হৈ পৰা উপায়ুক্ত কীৰ্তি জল্লীয়ে বানৰ সময়তো সকলোৰে প্ৰশংসা লাভ কৰিছিল।

বন্যাৰ্তৰ কাষত থিয় হৈ অনবৰতে সুখ দুখৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ কেইবাখনো আলোকচিত্ৰ আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

উল্লেখ কৰিব পাৰি যে এইবাৰ মে’ মাহত জল্লীক কাছাৰ ডিচি হিচাপে নিযুক্তি দিয়া হৈছিল।

১৯৮৯ চনত তেলেংগানাৰ ৱাৰাংগলত জন্মগ্ৰহণ কৰা জল্লীয়ে ২৩ বছৰ বয়সতে আই এ এছ বিষয়া হৈছিল। ২০১২ চনত ইউ পি এছ চি ক্লিয়াৰ কৰিছিল।

উল্লেখ কৰিব পাৰি যে মঙলবাৰে তেওঁৰ লগতে আন বহুকেইগৰাকী উপায়ুক্তক বদলি কৰা হৈছে।