কাছাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷
গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ SDPO কুলদীপ ভট্টাচাৰ্যৰ নেতৃত্বত অভিযান চলাই জব্দ বৃহৎ পৰিমাণৰ হেৰোইন।
লক্ষীপুৰ থানাৰ অন্তৰ্গত লালংবেডাম বস্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে হেৰোইনখিনি।
এজন সৰবৰাহাকীয়ে অন্য এজনক বিক্ৰী কৰিবলৈ ওলাইছিল হেৰোইনখিনি।
৮টা চাবোনৰ বাকচ ভৰাই অনা হেৰোইনখিনিৰ ওজন ১০৪ গ্ৰাম।
ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত চাৰিমুল হক লস্কৰ নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ৷
ধৃত চাৰিমুলৰ ঘৰ সোণাই সমষ্টিৰ কচুদৰম থানাৰ অন্তৰ্গত দক্ষিণ মোহনপুৰত৷
সম্প্ৰতি লক্ষীপুৰৰ নতুন ৰামনগৰ প্ৰথম খণ্ডত বসবাস কৰি আছিল সৰবৰাহকাৰীজনে৷
গ্ৰেপ্তাৰৰ পিচত বৰ্তমান লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰখা হৈছে চাৰিমুলক৷
