বৃহস্পতিবাৰে নিশা কাছাৰ জিলাত অভিযান চলোৱাৰ সময়ত বৃহৎ পৰিমাণৰ বিস্ফোৰক প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে অসম ৰাইফলছে।
লাভ কৰা তথ্য অনুসৰি কাছাৰ জিলাৰ কালাইন চহৰত অসম ৰাইফলছৰ এটা দলে গোপন খবৰৰ ভিত্তিত এই অভিযান চলাইছিল।
এই অভিযানৰ সময়ত কালাইন চহৰৰ ফাদ্ৰী টিলাত মেঘালয়ৰ পৰা আহি থকা এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় সেনাই।
বিষয়াসকলে জনোৱা মতে, জব্দ কৰা এ এছ ১১ চি চি ৯২১৪ নম্বৰৰ টাটা ছুমো গাড়ীখনত ৪০০টা জেলেটিন ষ্টিক আৰু ৪০০টা ডিটনেটৰ আছিল। এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে গাড়ীৰ চালকজনক আটক কৰে আছাম ৰাইফলছৰ জোৱানে।
আটকাধীন ব্যক্তিজন কাছাৰ জিলাৰ কালাইন তহচিলৰ গুমৰাহ গাঁৱৰ বাসিন্দা প্ৰসেনজিৎ বৈষ্ণৱ বুলি জানিব পৰা গৈছে। জব্দ কৰা বিস্ফোৰক সামগ্ৰীৰ সৈতে তেওঁক আছাম ৰাইফলছে কালাইন আৰক্ষীক গতাই দিয়ে।
চৰ্চালৈ আহিছে যে অভিযুক্তই মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰীৰ বৃহৎ ভঁৰালটো আনিছিল।
