কাছাৰ জিলাৰ বৰখোলাত বৈদ্যুতিক তাঁৰৰ সমস্যা সমাধানৰ সময়ত বিদ্যুৎ ব’ৰ্ডৰ এজন কৰ্মচাৰীয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে।
খবৰ অনুসৰি দেওবাৰে সন্ধিয়া বিদ্যুতৰ সমস্যা সমাধানৰ বাবে উধাৰবন্দ মহকুমাৰ পৰা বৰখোলা অঞ্চলত উপস্থিত হয় বিক্ৰম দাস নামৰ কৰ্মচাৰীজন। বিক্ৰমে বৈদ্যুতিক পোষ্টটোৰ ওপৰলৈ উঠি অহাত সংঘটিত হয় এই শোকাৱহ ঘটনা।
সূত্ৰ অনুসৰি বিক্ৰমে বিষয়টোৰ ওপৰত কাম কৰি থকাৰ সময়তে হঠাতে উপকেন্দ্ৰটোৱে বিদ্যুৎ সংযোগ অন কৰে। ইয়াৰ ফলস্বৰূপে বিক্ৰম মাটিত পৰি থিতাতে মৃত্যু হয়। ইফালে স্থানীয় ৰাইজে লগে লগে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এছ এম চি এইচ)লৈ লৈ যায়। অৱশ্যে চিকিৎসালয়খনৰ চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
বিদ্যুৎ ব’ৰ্ডৰ অংশৰ গাফিলতিৰ বাবেই কৰ্মচাৰীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বৰখোলাৰ ৰামপুৰৰ বাসিন্দা আছিল বিক্ৰম। স্থানীয় ৰাইজে মৃতকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কৰ্তৃপক্ষক আবেদন জনাইছে।
