ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এক সফল অভিযানত অসম আৰক্ষীয়ে ২৩ ছেপ্টেম্বৰত কাছাৰ জিলাৰ এজন ড্ৰাগছ বেপাৰীৰ পৰা যথেষ্ট পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।
খবৰ অনুসৰি জব্দ কৰা নিষিদ্ধ ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ বেপাৰীজনৰ নাম আজাদ উদ্দিন বৰলস্কৰ (৩১)।
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী অধীক্ষক নুমল মহত্তৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বানস্কান্দি-শিলচৰ পথত এখন বাহন আটক কৰে।
“তালাচীৰ সময়ত আৰক্ষীৰ দলটোৱে গাড়ীখনৰ পৰা ১৮ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ কৰি জব্দ কৰাৰ লগতে কাছাৰ জিলাত এজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি অনুমান কৰা হৈছে।”
অধিক সংযোগ উন্মোচনৰ বাবে তদন্ত চলি আছে।
ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গুৱাহাটীৰ খানাপাৰা অঞ্চলত ছয়জন ড্ৰাগছ বেপাৰীক আটক কৰি ৪৬ গ্ৰাম হেৰ’ইন জব্দ কৰে।
