কাছাৰত পূজাৰ প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ ২৪ জন

82

কাছাৰ জিলাৰ কুৰকুৰী চাহ বাগিচাত পূজাৰ প্ৰসাদ খাই গুৰুত্বৰভাৱে অসুস্থ হৈ পৰে কমেও ২৪ জন লোক। অসুস্থ আটাইকেইজনকে স্থানীয় হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে।

খবৰ অনুসৰি, স্থানীয় লোকসকলে যোৱা সোমবাৰে কুৰকুৰী চাহ বাগিচাৰ এখন পূজালৈ গৈছিল। যত তেওঁলোকে প্ৰসাদ হিচাপে খিছিৰি খায়। কিন্তু সেয়া খোৱাৰ পিছতে তেওঁলোকে বমি আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ অভিযোগ কৰে।

গুমৰাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এজন স্বাস্থ্য বিষয়াই জনোৱা অনুসৰি, পেটৰ তীব্ৰ বিষৰ অভিযোগ কৰাৰ পিছত আৰু ছয়জন লোকক কালাইন কমিউনিটি হেল্থ চেণ্টাৰলৈ (চিএইচচি) স্থানান্তৰ কৰা হয়।

ইফালে, সকলো গুৰুতৰ ৰোগীক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ (এছএমচিএইচ) প্ৰেৰণ কৰা হৈছে।