দেওবাৰে নিশা ডাম্পাৰত খুন্দাত এগৰাকী বিজেপি কৰ্মীৰ মৃত্যু হোৱাৰ পিছতে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।
জানিব পৰা মতে, এই ঘটনা সংঘটিত হয় কাছাৰ জিলাৰ উদাৰবন্দত।
তথ্য অনুসৰি, বালি কঢ়িয়াই অনা দ্ৰুতবেগী ডাম্পাৰ আৰু বিজেপি কৰ্মীজনে চলোৱা এখন বাহনৰ সংঘৰ্ষত মৃত্যু ঘটে চোহেইল আহমেদ নামৰ বিজেপি কৰ্মীজনৰ।
এই কাণ্ডৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে ডাম্পাৰখনত অগ্নিসংযোগ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
