কাছাৰত চাঞ্চল্যকৰ কাণ্ড! দা-ৰে ঘপিয়াই পিতৃক হত্যা পুত্ৰৰ

76

কাছাৰ জিলাৰ বাশকান্দি মদ্ৰীপাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। দাৰে ঘপিয়াই নিজ পিতৃকে হত্যা কৰিলে পাষাণ পুত্ৰই। ৭০ বছৰীয়া পিতৃক ঘপিয়াই হত্যা কৰা প্ৰীতম শুক্সবৈদ্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, প্ৰতীম শুক্লবৈদ্য নামৰ যুৱকজনে মঙলবাৰে সন্ধিয়া বাসগৃহৰ চৌহদত পিতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ চলায়। পিতৃক হত্যা কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে প্ৰীতমে। পিছত স্থানীয় লোকে ৰক্তাক্ত অৱস্থাত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় যদিও আদবাটতে মৃত্যু হয় বৃদ্ধ পিতৃগৰাকীৰ৷

এই ঘটনাৰ লগে লগে বাশকান্দি আৰক্ষীয়ে অভিযান চলাই নিশাই অভিযুক্ত হত্যাকাৰী পুত্ৰ প্ৰীতম শুক্লবৈদ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইপিনে হত্যাকাৰী পাষাণ পুত্ৰই কেমেৰাৰ সম্মুখত হত্যাৰ কথা স্বীকাৰ কৰে। বৃদ্ধ পিতৃয়ে বহুদিনৰ পৰা মানসিকভাবে অত্যাচাৰ চলাই আহাৰ বাবেই এনে কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে।