কাকপথাৰত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ খাৰুৱা তেল।
জানিব পৰা মতে, দুৰ্বৃত্তই খাৰুৱা তেল চুৰি কৰিবলৈ ব্যৱহাৰ কৰা এখন ডাম্পাৰক আৰক্ষীয়ে আটক কৰে। ডাম্পাৰখনৰ নম্বৰ হৈছে NL-04-D-6319।
ডাম্পাৰখনৰ পৰা জব্দ কৰা হৈছে ৬ হাজাৰ লিটাৰ পৰ্যন্ত খাৰুৱা তেল।
দিগন দহোতীয়া আৰু খাৰবজ্যোতি গগৈ নামৰ সৰবৰাহকাৰী দুজনক কাকোপথাৰ আৰক্ষীয়ে আটক কৰে।
অভিযুক্তই মাকুমৰ পৰা ডিৰাকলৈ সৰবৰাহৰ চেষ্টা চলাইছিল।