কাকজানত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমানৰ ঔষধ জব্দ

100

লাহদৈগড় আৰক্ষী চকীৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে সোমবাৰে নিশা কাকজান বামকুকুৱাচোৱা গাঁৱত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ঔষধ জব্দ কৰিবলৈ সক্ষম হয়।

পৱন তামুলী ওৰফে বাবুল নামৰ ব্যক্তিজনৰ ঘৰত অনুজ্ঞাপত্ৰবিহীন ভাৱে এই ঔষধখিনি লুকুৱাই ৰাখিছিল। আৰক্ষীয়ে ঔষধৰ লগতে, চিৰিঞ্জ, চেলাইনৰ বটল আজিও জব্দ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই অভিযুক্ত পৱন তামুলী পলায়ন কৰিবলৈ সক্ষম হয়। লাহদৈগড় আৰক্ষীয়ে অবৈধ ভাৱে ৰখা ঔষধসমূহ যোৰহাট জিলা ঔষধ পৰিৰ্দশকক চমজাই দিয়ে।