কাইলৈ ৩ মে’ত ৰাজ্যত চি পি আই (এম)ৰ দাবী দিৱস

65


ষ্টাফৰিপোৰ্টাৰ, ২ মে’ : চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে দেওবাৰে দিনৰ ১১ বজাত কেইটামান সুনিৰ্দিষ্ট দাবীৰ ভিত্তিত সমগ্ৰ ৰাজ্যজুৰি প্ৰতীকী ৰূপত ‘দাবী দিৱস’ পালন কৰা হ’ব। উল্লেখ্য পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সিদ্ধান্ত অনুযায়ী ‘লকডাউন’ ভংগ নকৰাকৈ আৰু সামাজিক-শাৰীৰিক দূৰত্ব বজাই ৰাখি পাৰ্টিৰ সভ্য-সমৰ্থক-শুভাকাংক্ষীসকলে ৩ মে’ৰ দিনা নিজ নিজ ঘৰৰ চোতাল, চৌহদ বা জপনামুখত অন্ততঃ ১০ মিনিটৰ বাবে দাবী সম্বলিত প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি দাবী দিৱস পালন কৰিব।
পাৰ্টিয়ে উত্থাপন কৰা দাবীসমূহ হ’ল :
(১) আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমূৰি মাহিলী ৫(পাঁচ) কিলোকৈ চাউল আৰু আটা,চেনি,নিমখ,দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ অহা তিনিমাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰক।

(২)চৰকাৰী-বেচৰকাৰী খণ্ডত কাম কৰা সকলোৰে মজুৰি/দৰমহা নিৰ্ধাৰিত সময়ত আদায় দিয়ক। ‘লকডাউন’ৰ সময়ছোৱাত কোনো শ্ৰমিকক কৰ্মচ্যুত অথবা তেওঁলোকৰ মজুৰি বন্ধ কৰাটো নিষিদ্ধ ঘোষণা কৰক।

(৩)পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিৰ সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰ কৰক।

(৪)কৃষকে উৎপাদন কৰা শাক-পাচলি আৰু অন্যান্য কৃষিজাত সামগ্ৰী চৰকাৰে অনতিপলমে ক্ৰয় আৰু সংগ্ৰহ কৰি সুলভ মূল‍্যত ৰাইজক যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰক।

(৫) চৰকাৰৰ সীমিত সাহায্য আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চলি থকা ব‍্যাপক অনিয়ম-দুৰ্নীতি বন্ধ কৰক।

(৬) ৰাজ্যত গণতন্ত্ৰ নিধন বন্ধ কৰক; কাৰাগাৰত বন্দী কৰি ৰখা অখিল গগৈসহ সকলো ৰাজনৈতিক বন্দীক অবিলম্বে মুক্তি দিয়ক।

৩ মে’ৰ প্ৰতীকধৰ্মী ‘দাবী দিৱস’ পালন কৰাৰ বাবে চি পি আই (এম)ৰ ৰাজ্যিক কমিটিয়ে সকলো অংশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।