কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

92

এতিয়া অসম প্ৰীতি বাঢ়িছে বিজেপি-কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ। কিয়… সেয়া আপুনি জানেই। বৃহস্পতিবাৰে আকৌ এবাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিজেপিৰ হৈ তেওঁ প্ৰচাৰ চলাব কেইবাখনো জনসভা সম্বোধন কৰি। এটা মাহত প্ৰধানমন্ত্ৰীৰ এয়া তৃতীয়টো অসম ভ্ৰমণ।

কাইলৈ কৰিমগঞ্জৰ ভাতগ্ৰামত আৰু বদৰপুৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীৰ আগমণক লৈ বিজিপি কৰ্মীৰ মাজত বৃদ্ধি পাইছে ব্যাপক উছাহ। তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে। আনহাতে ২০ মাৰ্চত চাবুৱাত এখন বিশাল নিৰ্বাচনী সভাত অংশ লব মোডীয়ে।

নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতা আৰু ষ্টাৰ কেম্পেইনাৰৰ অসম ভ্ৰমণ বৃদ্ধি পাইছে। আজি অসমলৈ আহিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। হোজাইৰ লংকাত, কলাইগাঁৱত আৰু ৰঙিয়াত জনসভাত অংশ লৈ বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব যোগী আদিত্যনাথে।