কাইলৈ নৱগ্ৰহত পঞ্চভূতত বিলীন হ’ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

347

অলেখ গুণমুগ্ধক কন্দুৱাই শুকুৰবাৰে চিৰ বিদায় লোৱা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষকৃত্য সম্পন্ন হ’ব শনিবাৰে।

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মসানত শেষকৃত্য সম্পন্ন হ’ব প্ৰসিদ্ধ চিত্ৰশিল্পীগৰাকীৰ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি শুকুৰবাৰে বিয়লি ৩.১৫ বজাত জিএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে চিত্ৰশিল্পী নীলপৱন বৰুৱাই।

যশস্বী অভিনেতা নিপন গোস্বামীৰ মহাপ্ৰস্থানৰ এদিন পিছতে আন এগৰাকী মহীৰূহৰ প্ৰয়াণে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্নজনে নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।