কাইলৈৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ

62

কাইলৈৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ।

শনিবাৰে সন্ধিয়া জোন দেখাৰ পাছতেই আৰম্ভ হ’ব ৰমজান মাহ।

শনিবাৰে সন্ধিয়া পশ্চিম আকাশত ন জোন উঠাৰ নিশ্চিত খবৰ পোৱাৰ পিছতেই অনুষ্ঠিত হব তাৰাবিহ নামাজ।

কাইলৈৰ পৰা ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে।

বিশ্ব শান্তিৰ হকে ইছলাম ধৰ্মাৱলম্বী লোক সকলে ওৰেটো মাহ পালন কৰিব ৰোজা ৰখা পৰ্ব।

ৰমজানে আনে ঈদৰ বতৰা। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত দেখা গৈছে উচাহ উদ্দীপনা।

ইছলাম ধৰ্মৰ বিশ্বাস অনুসৰি ত্যাগ আৰু আত্মসংযমৰ মাহ হ’ল ৰমজান।

প্ৰতি দিনে পুৱতি নিশা চেহেৰী অৰ্থাৎ ৰোজা ৰখাৰ আহাৰ গ্ৰহণ কৰি দিনটো খাদ্যতো দুৰৰে কথা পানীৰ এটুপিও নোখোৱাকৈ অনাহাৰে থাকি সূৰ্য অস্ত যোৱাৰ পিছত ইফতাৰ অৰ্থাৎ ফল মূল আৰু সু স্বাদু ব্যঞ্জন গ্ৰহণ কৰি ৰোজা ভংগ‌‍ কৰা হয়।

এনেদৰেই ৰমজানৰ ওৰেটো মাহ এই কঠোৰ ব্ৰত পালন কৰে ইছলাম ধৰ্মী লোক সকলে।