কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

139

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত ৰাইজৰ বহু প্ৰত্যাশিত জখলাবন্ধা এফ আৰ ইউৰ পৰা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত হোৱা নৱনিৰ্মিত ভৱনটি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰি ৰাইজৰ চিকিৎসা সেৱাৰ বাৱে উৎসৰ্গা কৰে৷ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে গায়ন-বায়নৰ খোল-তাল, ডবা-শংখৰ ঝংকাৰৰ গুৰু গম্ভীৰ পৰিৱেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত নৱ নিৰ্মিত চিকিৎসালয়খনি উদ্বোধন কৰে।

এই উদ্দেশ্যে অনুষ্ঠিত সভাখনিত উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি কয় ১৯৫৮ চনত জখলাবন্ধা প্ৰাথমিক চিকিৎসালয় ৰূপে প্ৰতিষ্ঠা হৈ বৰ্তমান মহকুমা অসামৰিক চিকিৎসালয়লৈ পৰ্যবসিত হোৱা চিকিৎসালয় খনকে অতি শীঘ্ৰে ২০০ খন বিচনাৰে জিলা চিকিৎসালয় হিচাপে উন্নীত কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।

মা কামাখ্যাই আশিষ প্ৰদান কৰিলে নগাঁৱৰ কলিয়াবৰত এদিন এখন মেডিকেল কলেজো প্ৰতিষ্ঠা হ’ব৷ লগতে তেওঁ কয় অসমত ৩ খন মেডিকেল কলেজৰ পৰা এতিয়া ৯ খনলৈ বৃদ্ধি পালে। অহা বছৰত অসমত আৰু ৩ খন মেডিকেল কলেজ স্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে। আমাৰ কাৰ্যকালৰ ভিতৰত অৰ্থাৎ ২০২৬ চনৰ ভিতৰত অসমত সৰ্বমুঠ ১৬খন মেডিকেল কলেজ স্থাপন কৰিম আৰু ২০৩০ চনৰ ভিতৰত ২৪খন মেডিকেল কলেজ নিৰ্মাণ কৰিব খুজিছোঁ বুলিও ড° শৰ্মাই কয়।

পূৰ্বতে অসমত মাত্ৰ এখন কেঞ্চাৰ হস্পিতাল আছিল। পিছত গৈ আমি অসমত আৰু ৭খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। সৰ্বমুঠ ৯খন কেঞ্চাৰ হস্পিতাল হ’ল। এই বিত্তীয় বৰ্ষৰ ভিতৰত আৰু ৩খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ কাম হাতত লৈছোঁ। অহা ৩ বছৰৰ ভিতৰত মুঠ ১৮ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰিব খুজিছোঁ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ২০০৬ চনত যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া অসমত হস্পিতালৰ সংখ্যা আছিল মাত্ৰ ৬০০খন।

এতিয়া অসমত হস্পিতালৰ সংখ্যা ২০০০ খনলৈ বৃদ্ধি পাইছে। এতিয়া মাথোঁ ৰোগীসকলে তৎকালীন ভাৱে গুণগত মানদণ্ডৰে চিকিৎসা পদ্ধতি লাভ কৰাটো আমি আশা কৰোঁ। ড০ শৰ্মাই লগতে আৰু কয় যে বৰ্তমান সময়ত আয়ুস্মান কাৰ্ড আমাৰ সকলোৰে নথকাত সমস্যাত পৰিব লগা হৈছে। আমাৰ চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আয়ুস্মান ভাৰতৰ কাৰ্ড দিয়া হ’ব। ফলত আয়ুস্মান ভাৰত কাৰ্ড থকা পৰিয়াল সমূহে প্ৰতি বছৰে ৫ লাখ টকাৰ চিকিৎসা সাহাৰ্য লাভ কৰিব। যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অটল অমৃত কাৰ্ডৰ সহায় আগৰ দৰেই সাহাৰ্য পাই থাকিব।

এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আয়ুস্মান ভাৰতক আয়ুস্মান অসমলৈ ৰূপান্তৰ কৰি প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালক স্বাস্থ্য সেৱাৰ লগত জড়িত কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ কলিয়াবৰত চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা ড° শৰ্মাই লগতে কয় কলিয়াবৰত বিভিন্ন আঁচনিৰ দ্বাৰা উন্নয়নৰ দিশ ত্বৰান্বিত হৈ আহিছে যদিও এটা কাম বহু দিনৰ পৰা বাকী হৈ আছিল। কলিয়াবৰত বানপানীত ক্ষতিগ্ৰস্ত লোক সকলে ক্ষতি পূৰণৰ ধনখিনি পোৱা নাছিল।

অহা এমাহ ডেৰমাহৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলে ধনখিনি পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ লগতে কয় কলিয়াবৰত এখন চৰকাৰী কলেজৰ স্থাপনৰ স্বীকৃতি প্ৰদান কৰিছোঁ। এই বিত্তীয় বৰ্ষতে কলেজ খনৰ কাম আৰম্ভ কৰিম। ক’ত পাতিব কেনেকৈ পাতিব সেয়া ৰাইজে ঠিক কৰি ল’ব। দ্বিতীয়তে কলিয়াবৰত আমি এখন আইন মহাবিদ্যালয় পাতিব খুজিছোঁ আৰু এখন আই টি আই দিব খুজিছোঁ। তৃতীয়তে নাৰ্চিং স্কুল দিব খুজিছোঁ। কলিয়াবৰ চাহ বাগিচাৰ তলেদি জামুগুৰিহাটলৈ সুৰঙ্গ নিৰ্মানৰ চিন্তা কৰা হৈছে। সেই সুৰঙ্গটোৰে ৰেল গাড়ী আৰু মটৰ গাড়ীৰ চলাচল হ’ব।

সামৰিক আৰু নাগৰিক দৃষ্টিকোণৰ পৰা এই সুৰঙ্গটোৰ প্ৰয়োজন আছে বুলি কৈ ড০ শৰ্মাই লগতে কয় এই সুৰঙ্গ নিৰ্মাণ হ’লে কলিয়াবৰৰ আৰ্থিক স্থিতি, কলিয়াবৰৰ পৰ্যটন আদি উন্নয়নৰে কলিয়াবৰে আকাশ চুবগৈ বুলি তেওঁ বিশ্বাস কৰাৰ কথা সদৰি কৰে। এই আঁচনিখনৰ বাবে ভাৰত চৰকাৰ আৰু আমি লগলাগি ৭ হাজাৰ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে ৭০ শতাংশ আগ বাঢ়িছে আৰু ৩০ শতাংশ কাম আছে আৰু এক ঢাকা মাৰি দিলেই কামটো হৈ যাব বুলি তেওঁ দোহাৰে। আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দেখিছে। কিন্তু ব্ৰহ্মপুত্ৰৰ তলেৰে ৰেল গাড়ী, মটৰ গাড়ী যোৱা এইবাৰ দেখিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

যদি কলিয়াবৰ তলেদি সুৰঙ্গ হৈ যায় তেতিয়া কলিয়াবৰৰ প্ৰতিচ্ছবি বদলি হৈ যাব। ভাৰতত ক’তো নদী, সাগৰৰ তলেদি সুৰঙ্গ হোৱা নাই কেৱল কলিয়াবৰত হ’বলৈ গৈ আছে। যদি ভবা মতে হৈ যায় তেন্তে ভাৰতৰ বুকুত অসম এটা উজ্জ্বল ৰত্ন হিচাপে জিলিকি উঠিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সঞ্চালিকা লক্ষ্মী প্ৰিয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ভাষণত কয় মই আজি বিধায়ক হিচাপেহে কম স্বাস্থ্য বিভাগৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে সবিশেষ আপোনাসৱক অৱগত কৰিব৷

মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় মুখ্যমন্ত্ৰীগৰাকী স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে আধাৰশিলা স্থাপন হোৱাৰ পিছত পুনৰ তেওঁ মুখ্যমন্ত্ৰী হোৱা কাৰ্যকালতে পুনৰ কলিয়াবৰ অসামৰিক চিকিৎসালয় খন উদ্বোধন হোৱাটো আমাৰ বাবে ভাগ্যৰ কথা৷ মুখ্যমন্ত্ৰীগৰাকী বিত্তমন্ত্ৰী হৈ থকাৰ সময়তে গ্ৰহণ কৰা কলং পুনৰুজ্জীৱিতকৰণ আঁচনি খনৰ ৰূপায়ণ সম্প্ৰতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদ্দিচ্ছাৰ ফলশ্ৰুতিতে বিভিন্ন দিশৰ পৰা কলিয়াবৰত উন্নয়ন সম্ভৱ হৈ উঠিছে বুলি মন্ত্ৰী কেশৱ মহন্তই মত প্ৰকাশ কৰে৷

জাতীয় সংগীতৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতৰে যৱনিকা পৰা সভাত খনিত ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, যুৱ নেতা মণি মাধৱ মহন্ত, স্বাস্থ্য বিভাগৰ জেষ্ঠ বিষয়া সকলৰ লগতে জেষ্ঠ্য নাগৰিক তথা প্ৰাক্তন অধ্যক্ষ খগেন্দ্ৰ নাথ শৰ্মাকে প্ৰমুখ্য কৰি কেইবা সহস্ৰধিক লোকে সভাত অংশগ্ৰহণ কৰে। সভাত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও ভাষণ প্ৰদান কৰে৷

উল্লেখ্য যে সভাত নৱনিৰ্মিত চিকিৎসালয়খনলৈ বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতি দানসূত্ৰে আগবঢ়োৱা ব’য়িং প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বিভাগীয় কৰ্তপক্ষক সম্বৰ্দ্ধনা জনাই মন্ত্ৰী কেশৱ মহন্তই৷