কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনাৰ পিছত ডাউদাউকৈ জ্বলি উঠিল বাহন, নিহত এজন

67

কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত জ্বলি উঠিল দুৰ্ঘটনাগ্ৰস্ত বাহন। ট্ৰাক আৰু হুণ্ডাই ভেনু বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ পিছতে দাওদাওকৈ জ্বলি উঠে AS-01-EX-2515 নম্বৰৰ হুণ্ডাই ভেনু বাহনখন। দুৰ্ঘটনাত নিহত হয় হুণ্ডাই ভেনু বাহনৰ চালক চন্দন বাছা।

জানিব পৰা মতে, জখলাবন্ধাৰ পৰা কুঠৰীলৈ বিবাহ যাত্ৰী কঢ়িয়াই নি আছিল হুণ্ডাই ভেনু বাহনখনে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় হুণ্ডাই ভেনু বাহনৰ শিশুসহ ছজন আৰোহী। আহতসকলক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

আনহাতে দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা এজন সাংবাদিকো আন এটা দুৰ্ঘটনাত পতিত হয়। জখলবন্ধাৰ বাঘজানত ট্ৰাকে খুন্দিয়াই সাংবাদিক গৌতম বৰাৰ চাৰিচকীয়া বাহনত। দুৰ্ঘটনাত আহত সাংবাদিক গৌতম বৰাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।