কলিয়াবৰত আৰক্ষীৰ বৃহৎ সফলতা, পলাতক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

98

দিগন্ত শইকীয়া, কলিয়াবৰঃ যোৱা ২৮ এপ্ৰিলত আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ড্ৰাগছ সৰবৰাহকাৰী কৃষ্ণ দাসৰ লগতে আমিৰ হামজা নামৰ ড্ৰাগছৰ সৰবৰাহকাৰীজনক আজি কলিয়াবৰত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

দীৰ্ঘদিন ধৰি কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছৰ বেহা মেলা ড্ৰাগ‌ছ সৰবৰাহকাৰী কৃষ্ণ দাসক যোৱা নিশা জখলাবন্ধাৰ শেনচোৱাৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কৃষ্ণ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত বগামূৰৰ পৰা আমিৰ হামজাক গ্ৰেপ্তাৰ কৰে।

কৃষ্ণ দাসে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, চামগুৰিৰ বগামুৰৰ ৰুবুল ইছলামৰ পৰা ব্ৰাউন চুগাৰ আনি জখলাবন্ধাত বিক্ৰী কৰে। তদুপৰি, বহুকেইজন ড্ৰাগছ সেৱনকাৰীৰ নামো আৰক্ষীৰ আগত অৱগত কৰে ধৃত সৰবৰাহকাৰীজনে।

আনজন গ্ৰেপ্তাৰ হোৱা বগামূৰৰ আমিৰ হামজা ইয়াৰ পূৰ্বেও ২০২০ত ড্ৰাগছ সৰবৰাহ কাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হামজায়েও চামগুৰিৰ বৰমাৰ মফিদুল ৰহমানৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি বিক্ৰী কৰে।