কলিয়াবৰত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ

304

কলিয়াবৰত চাৰি জনলৈ বৃদ্ধি জাপানীজ এনকেফেলাইটিজ ৰোগীৰ সংখ্যা।স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰতো জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ । কলিয়াবৰৰত মুঠ চাৰি গৰাকীৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিজ ৰোগ। শিলঘাট বালিদোৱাৰৰ প্ৰফুল্ল বৰা , বৰুৱা চুক গাওঁৰ দিন হাজৰিকা , কুঁৱৰীটোল বগাজান সত্ৰৰ দিপা বৰা আৰু ননৈ চাহবাগিচাৰ প্ৰবীকৰ পাহাৰীয়া আক্ৰান্ত হৈছে এই ৰোগত ।ইতিমধ্যে চাৰিওজনকে তেজপুৰ মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰোৱা হৈছিল যদিও বালিদোৱাৰৰ প্ৰফুল্ল বৰা সুস্থ হৈ ঘৰলৈ উভতি আহিছে।
আন তিনিগৰাকী বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে।
জিলা স্বাস্থ্য বিভাগে এই ৰোগ হোৱা অঞ্চল সমূহত ৰাইজৰ মাজত সজাগতামুলক ব‍্যৱস্থা কৰাৰ লগতে ৰাইজে ব‍্যৱহাৰ কৰা আঠুৱা ঔষধিকৰণ কৰা আৰু ধোঁৱা দিয়াৰো ব‍্যৱস্থা কৰাৰ লগতে ঘৰে ঘৰে স্বাস্থ্য কৰ্মী গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা অব‍্যাহত ৰাখিছে।
জিলা চিকিৎসা বিভাগৰ দল অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে মহকুমা প্ৰশাসনে সজাগতাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।