কলাগুৰু বিষ্ণু ৰাভাৰ কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে

13

কলাগুৰু বিষ্ণু ৰাভাৰ কীৰ্তিক কেন্দ্ৰ কৰি ভুল তথ্যৰে বিতৰ্ক সৃষ্টি হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ্যপুথি প্ৰকাশ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সহায়ক পুথিত পোৱা গৈছে ভুল তথ্য। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান-প্ৰথম খণ্ডৰ বাবে এই সহায়ক পুথিখন ধাৰ্য কৰা হৈছে।বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপকৰ সম্পাদনাত প্ৰকাশ পোৱা সহায়ক পুথিখনক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।