ষ্টাফৰিপৰ্টাৰ, ২০ জুন : কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫১ সংখ্যক মৃত্যু দিৱস শনিবাৰে পালন কৰা হয়।জনকল্যাণ সংঘ, বেতকুছি, দামোদৰ নগৰৰ পৰিচালনা সমিতিৰ দ্বাৰা লক ডাউনৰ সকলো নিয়ম পালন কৰি অনুষ্টুপীয়াকৈ পালন কৰে।পুৱা ৯ বজাত সভাপতি অনুপ দেউৰীয়ে সংঘৰ পতাকা উত্তোলনেৰে অাৰম্ভ কৰি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন শৈলীৰ ওপৰত চমু বক্তব্য ৰাখে। তাৰ পাছত উপ-সভাপতি বিৰাজ গোস্বামীয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি পুস্পাঞ্জলি অৰ্পণ কৰে। উপস্থিত সকলো সদস্যই পাছত ভক্তিৰে পুস্পাঞ্জলিৰে সেৱা জনাই অনুষ্ঠান সামৰে।