কলঙত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ…

125

নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নগাঁৱৰ খুটীকটীয়াৰ কলং নৈত।

নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দীপ শৰ্মা নামৰ খুটীকটীয়াৰ যুৱকজনৰ।

জানিব পৰা মতে, দুই বন্ধুৰ লগত কলঙত গা ধুই থাকোতেই পানীত উটি যায় যুৱকজন৷

পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

যুৱকজনৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱৰ খুটীকটীয়া অঞ্চলত।